আমাৰ শৰীৰটোক দৈনিক কাম-কাজ কৰিবলৈ, খাদ্য বস্তুক শৰীৰে গ্ৰহণ কৰিব পৰাকৈ বিভিন্ন খাদ্য উপাদানলৈ পৰিৱৰ্তন কৰিবলৈ শক্তিৰ প্ৰয়োজন হয়। তাৰোপৰি আমাৰ শৰীৰৰ উষ্ণতা স্বাভাৱিক অৱস্থাত ৰাখিবলৈ শক্তিৰ প্ৰয়োজন হয়। নেচনেল মনিটৰিং ব্যুৰৰ সমীক্ষাত দেখা গৈছে ভাৰতবৰ্ষত শতকৰা ৫০ শতাংশ পুৰুষ-মহিলাই শক্তিহীনতাত ভোগে।
এজন মানুহৰ দিনে শাৰিৰীক শক্তি ক্ষয় হয় যিমান সেই অনুপাতেহে শক্তি আহৰণ কৰা দৰকাৰ। বয়স, শৰীৰৰ ওজন, শাৰিৰীক কষ্টৰ মানদণ্ড, বৃদ্ধি ইত্যাদিৰ ওপৰত ভিত্তি কৰি শৰীৰৰ শক্তিৰ প্ৰয়োজনৰ মূল্যায়ন কৰিব পাৰি। ভাৰতবৰ্ষত ০ ৰ পৰা ৮০ শতাংশ কেলৰী খাদ্যৰ পৰা যেনে দাইল, মাহজাতীয় খাদ্য, আলু, গাজৰ ইত্যাদিৰ পৰা পাব পাৰি।
কৈশোৰ অৱস্থাপ্ৰাপ্ত ল’ৰা-ছোৱালীয়ে দৈনিক প্ৰয়োজন হোৱা ৫৫ ৰ পৰা ৬০ শতাংশ কেলৰী কাৰ্বহাইড্ৰেটৰ পৰা পাব পাৰে।
কৈশোৰ অৱস্থাত শৰীৰ সম্পুৰ্ণ সুস্থ ৰাখিবলৈ অধিক শক্তিৰ দৰকাৰ। উদাহৰণস্বৰূপে, ১৬ ৰ পৰা ১৮ বছৰ বয়সৰ ছোৱালীক ক্ৰমে ২০৬০ কিল’ কেলৰী আৰু ল’ৰাক ২৬৪০ কিল’ কেলৰীৰ প্ৰয়োজন হয়।
গৰ্ভধাৰণৰ সময়ছোৱাত গৰ্ভত থকা শিশুৰ বিকাশৰ বাবে আৰু গৰ্ভৱতী মাতৃৰ সুস্বাস্থ্য ৰক্ষাৰ বাবে অধিক মাত্ৰাত পুষ্টিৰ দৰকাৰ।
কম পুষ্টিকৰ খাদ্যই দেহক দূৰ্ব্বল কৰি তোলে আৰু অতিমাত্ৰা খাদ্য গ্ৰহণে মেদবহুলতা হোৱাত সহায় কৰে।
শক্তিবৰ্দ্ধক খাদ্যসমূহ হৈছে
চাউল, দাইল, ঘেঁহু, যৱ, মাকৈ, আলু, গাজৰ, সৰিয়হ আৰু চয়াবিনৰ পৰা উলিওৱা তেল, ঘি, মাখন, তৈলবীজ, বাদাম, চেনী, গুৰ ইত্যাদি।
যদিও আমি ধান, মাহ আদি শস্যৰ পৰা শক্তি পাওঁ তথাপি ইয়াত বিভিন্ন ধৰণৰ দাইল, বাদাম, ঘেঁহু, যৱ ইত্যাদিও জড়িত হৈ থাকে।
জোৱাৰ, বজৰা, ৰাগী ইত্যাদি শস্যসমূহ ব্যয়বহুল যদিও ইয়াৰ পৰা শৰীৰে অধিক শক্তি পায়।
No comments
Thanks....