চৰ্বী বা স্নেহ পদাৰ্থঃ আমাৰ স্বাস্থ্যৰ বাবে কিয় প্ৰয়োজনীয়?
স্নেহ পদাৰ্থ খাদ্যৰ এটা অপৰিহাৰ্য্য অংগ আৰু ই শৰীৰৰ বহুত কাৰ্য্য সম্পাদন কৰে। প্ৰতি গ্ৰামত ৯ কিল’ কেলৰি শক্তি চৰ্বীয়ে উৎপাদন কৰে। চৰ্বীত দ্ৰবীভূত খাদ্যপ্ৰান ক, ঘ, ঙ আৰু ট ক খুব কম পৰিমাণৰ চৰ্বীৰ প্ৰয়োজন।
খাদ্য তালিকাত অন্তৰ্ভূক্ত স্নেহপদাৰ্থ সমূহ উদ্ভিদ আৰু প্ৰাণী জগতৰ পৰা আহৰণ কৰিব পাৰি।
- উদ্ভিদ জগতৰ পৰা পোৱা চৰ্বীয়ে শৰীৰত প্ৰয়োজনীয় স্নেহ এচিডৰ অত্যাৱশ্যকীয় ফেটি এচিড যোগান ধৰে। যিবোৰ স্নেহপদাৰ্থত স্নেহ এচিডৰ কাৰ্বন পৰমাণুবিলাক এটাই আনটোৰ লগত মাত্ৰ এডাল তন্তুৰ দ্বাৰাই সংযুক্ত হৈ থাকে তাক একক অসংপৄক্ত স্নেহ্পদাৰ্থ বোলে আৰু এটাতকৈ বেচি তন্তুৰ দ্বাৰা সংযুক্ত হৈ থাকিলে তাক বহু অসংপৃক্ত স্নেহপদাৰ্থ বোলে।
- চৰ্বীয়ে শৰীৰত প্ৰয়োজনীয় স্নেহ এচিডৰ যোগান ধৰে। এই এচিডবোৰ বৄদ্ধি আৰু ছালৰ বিভিন্ন কোষৰ সুগঠনৰ বাবে অতি দৰকাৰী আৰু এই বোৰ চৰ্বী পাচন আৰু শোষণ কৰাত প্ৰয়োজন হয়।
- বয়সীয়াল মানুহে সংপৃক্ত স্নেহপদাৰ্থ যেনে ঘি, মাখন আৰু হাইড্ৰজিনেটেড স্নেহ পদাৰ্থ খোৱাৰ পৰা বিৰত থাকিব লাগে।
- নাৰিকল তেলৰ বাহিৰে বাকী সকলো উদ্ভিদ তেলত অসংপৃক্ত স্নেহপদাৰ্থ অধিক পৰিমাণে থাকে।
- অধিক মাত্ৰাত সংপৃক্ত স্নেহপদাৰ্থ যেনে ঘি, মাখন আৰু হাইড্ৰজিনেটেড ফেট গ্ৰহণ কৰিলে মানুহৰ শৰীৰত তেজৰ কলেষ্টেৰলৰ পৰিমাণ বৄদ্ধি পায়, ফলত হৃদপিণ্ডৰ বিভিন্ন অসুখ হোৱাৰ সম্ভাৱনা থাকে। শৰীৰত অধিক চৰ্বী থাকিলে মেদবহুলতাই দেখা দিয়ে।
- ৰন্ধাত ব্যবহাৰ কৰা তেল যেনে উদ্ভিদ তেল, ডালডা, মাখন, ঘি ইত্যাদি হৈছে চকুৰে প্ৰত্যক্ষ কৰা চৰ্বী আৰু যিবোৰ চৰ্বী খোৱা বস্তুৰ ভিতৰত নিহিত হৈ থাকে সেইবোৰ হৈছে অদৃশ্যমান চৰ্বী।
- জন্তুৰ খোৱা বস্তুত অধিক পৰিমাণৰ সংপৃক্ত চৰ্বী নিহিত হৈ থাকে।
No comments
Thanks....