Header Ads

ৰবাৰ্ট হুক

ৰবাৰ্ট হুক :

জীৱৰ কোষীয়            গঠন সম্পৰ্কে ধাৰণা আগবঢ়োৱা প্ৰথমজন ব্যক্তি আছিল ৰবাৰ্ট হুক। অণুবীক্ষণ যন্ত্ৰৰ তলত দেখা পোৱা ‘ক্ষুদ্ৰকায় প্ৰাণী’বোৰ স্বচক্ষে প্ৰত্যক্ষ কৰিবলৈ ৰবাৰ্ট হুকৰ ওচৰলৈ সেই সময়ত সমাজৰ উচ্চ-স্তৰৰ বহু ব্যক্তি, আনকি ৰুছদেশৰ জাৰ আৰু ইউৰোপৰ অন্যান্য ৰাজবংশীয় লোকো আগ্ৰহেৰে গৈছিল। তেওঁ সকলোকে সমান ব্যৱহাৰ কৰিছিল আৰু কাকো তেওঁৰ অণুবীক্ষণ যন্ত্ৰটো চুবলৈ দিয়া নাছিল; মাত্ৰ তেওঁ প্ৰস্তুত কৰা নমুনা অতি কম সময়ৰ বাবে লেন্সৰ মাজেৰে চাবলৈ প্ৰত্যেককে অনুমতি দিছিল। তেওঁ প্ৰকৃততে এগৰাকী অতি সূক্ষ্ম নিৰীক্ষণকাৰী আৰু মেধাসম্পন্ন বিজ্ঞানী আছিল। মাথোঁ তেওঁৰ এটাই দোষ আছিল যে তেওঁৰ কাৰিকৰী কৌশল কাকো অনুসৰণ বা নকল কৰিবলৈ অনুমতি দিয়া নাছিল অথবা তেওঁৰ দ্বাৰা আৱিষ্কৃত তথ্যসমূহ আনক পুনৰীক্ষণ কৰিবলৈ নিদিছিল। মূলতঃ এইটো কাৰণতে আৰু এই ক্ষুদ্ৰ অনুজীৱবোৰৰ সৈতে থাকিব পৰা মানুহ তথা জীৱ-জন্তুৰ ৰোগৰ সম্পৰ্কৰ বিষয়ে সেই সময়ত কোনেও ধাৰণা কৰিব নোৱৰাৰ বাবেই অণুজীৱবিজ্ঞানৰ বিকাশ তেতিয়াৰ পৰা প্ৰায় ২০০ বছৰৰ পাছতহে সম্ভৱ হৈ উঠিছিল।
স্বতঃস্ফূৰ্ত্ত স্ৰজন মতবাদ
নিৰ্জীৱ পদাৰ্থৰ পৰাই স্বাভাৱিক প্ৰক্ৰিয়াৰে জীৱৰ সৃষ্টি হয় – এনে এটা ধাৰণা মানুহৰ মাজত চিৰাচৰিতভাৱে প্ৰচলিত আছিল। বৈজ্ঞানিক বিকাশৰ ফলত মানুহৰ জ্ঞান বৃদ্ধি হোৱাৰ লগে লগে অনুসন্ধিৎসু ব্যক্তিসকলে জীৱৰ উৎপত্তি সম্পৰ্কে গভীৰভাৱে চিন্তা আৰু অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিলে। সাধাৰণ নিৰীক্ষণৰ জৰিয়তেই এইটো বহুলোকৰ বোধগম্য হৈছিল যে উচ্চ-স্তৰৰ জন্তু আৰু উদ্ভিদৰ জন্ম কেৱল সমজাতীয় পূৰ্বজৰ পৰাহে সম্ভৱ। তৎস্বত্তেও প্ৰথমাৱস্থাত সৰহ সংখ্যকেই স্বতঃস্ফূৰ্ত্ত স্ৰজনৰ সহজ ধাৰণাটোকে মানি লৈছিল। জে, বি, ভান হেলমেণ্টৰ দৰে কিছু ব্যক্তিয়ে আনকি এনে ব্যাখ্যাও ডাঙি ধৰিছিল যে কিছু শস্য, এটা পাত্ৰ আৰু কিছু লেতেৰা পেলনীয়া বস্তু কোনো আন্ধাৰ ঠাইত একেলগে ৰাখি থ’লে তাৰ পৰা আপোনা-আপুনি নিগনিৰ জন্ম হয়। অন্যহাতে ফ্ৰেন্সিস্ক’ ৰেডিৰ দৰে বিজ্ঞানীসকলে এই ধাৰণাটো মানি ল’বলৈ টান পাইছিল আৰু তেওঁ এটা পৰীক্ষাৰ দ্বাৰা দেখুৱাবলৈ যত্ন কৰিলে যে পঁচিবলৈ ধৰা মাংসত নিজে-নিজে মাখিৰ পলুৰ জন্ম হ’ব নোৱাৰে। তেওঁ তিনিটা বেলেগ বেলেগ পাত্ৰত তিনি টুকুৰা মাংস ৰাখি এটা পাত্ৰ খোলাকৈ ৰাখিলে, আন এটা কুহিলাৰ ঠিলাৰে টানকৈ বন্ধ কৰিলে আৰু তৃতীয়টো পাত্ৰ এখন মিহি কাপোৰেৰে ঢাকি ৰাখিলে। তেওঁ দেখিলে যে কেইদিনমানৰ পাছত কেৱল খোলা পাত্ৰটোতহে মাখিৰ পলু জন্ম হৈছে।
অতি সৰলভাৱে অথচ সবল যুক্তিৰে প্ৰতিষ্ঠা কৰা ৰেডিৰ এই পৰীক্ষাটো অতি গুৰুত্বপূৰ্ণ আছিল। আন যিকোনোৱে এই পৰীক্ষাটো সহজেই পুনৰাবৃত্তি কৰি একেই ফল পাবলৈ সক্ষম হৈছিল। তথাপিও কেতবোৰ ব্যক্তিয়ে স্বতঃস্ফূৰ্ত স্ৰজন মতবাদটোতে লাগি আছিল আৰু আন কিছু ব্যক্তিয়ে এই ধাৰণাটোৰ সত্যতা সম্পৰ্কে সন্দিহান হৈ তেওঁলোকৰ পৰীক্ষা-নিৰীক্ষা অব্যাহত ৰাখিছিল। এনে সৰহভাগ পৰীক্ষা-নিৰীক্ষাৰ ফলাফলেই স্বতঃস্ফূৰ্ত স্ৰজন মতবাদৰ অন্তঃসাৰশূন্যতা প্ৰতিপন্ন কৰিছিল।
উনবিংশ শতিকাত অণুবীক্ষণ যন্ত্ৰৰ অধিক বিকাশৰ ফলশ্ৰুতিত মানুহে যেতিয়া অতি সৰল শাৰীৰিক গঠনযুক্ত অণুজীৱবোৰ সহজে চাব পৰা হ’ল, তেতিয়া স্বতঃস্ফূৰ্ত স্ৰজনৰ ধাৰণাটোৱে পুনৰ এবাৰ প্ৰাণ পাই উঠিল। বহুতেই ধাৰণা কৰিলে যে অন্ততঃ উচ্চস্তৰৰ জীৱ-জন্তুতকৈ তুলনামূলকভাৱে সৰল আৰু অতি ক্ষুদ্ৰ অণুজীৱবোৰৰ সৃষ্টি নিৰ্জীৱ পদাৰ্থৰ পৰা আপোনা-আপুনি হ’ব পাৰে।
কিন্তু একে সময়তে আব্বে লেজাৰ’ স্পালানজানিৰ দৰে কিছু সংখ্যক বিজ্ঞানীয়ে স্বতঃস্ফূৰ্ত স্ৰজন মতবাদক সমৰ্থন জনোৱাৰ পৰিৱৰ্ত্তে ইয়াৰ সত্যাসত্য নিৰূপণ কৰাৰ উদ্দেশ্যে নানান পৰীক্ষা অব্যাহত ৰাখিলে। তেওঁ আইনাৰ পাত্ৰত মাংসৰ তপত চুৰুহা ৰাখি পাত্ৰটোৰ মুখখন তাপ দি গলাই বন্ধ কৰি দিলে। এনে কৰাৰ পাছত কেইবাদিনলৈ চুৰুহাখিনিত কোনো অণুজীৱৰ সৃষ্টি নোহোৱাত তেওঁ বিশ্বাস কৰিলে যে স্বতঃস্ফূৰ্ত স্ৰজন মতবাদ শুদ্ধ নহয়। কিন্তু তেওঁৰ বিৰুদ্ধাচৰণ কৰাসকলে সমালোচনা আগবঢ়ালে যে যিহেতু জীৱৰ সৃষ্টিৰ বাবে বায়ুৰ প্ৰয়োজন আৰু আইনাৰ পাত্ৰটো সম্পূৰ্ণৰূপে বন্ধ কৰি দি তেওঁ বায়ু সোমাব নোৱৰা কৰি দিছিল, সেয়েহে চুৰুহাখিনিত অণুজীৱৰ সৃষ্টি সম্ভৱ হৈ উঠা নাছিল।
১৮৫৯ চনত আধুনিক অনুজীৱ বিজ্ঞানৰ পিতৃপুৰুষ লুই পাষ্টুৰে (১৮২২-১৮৯৫) স্বতঃস্ফূৰ্ত স্ৰজন মতবাদটোৰ সত্যাসত্য সম্পৰ্কীয় প্ৰশ্নটোৰ চিৰকালৰ বাবে গ্ৰহণযোগ্য এক মীমাংসা কৰাৰ সিদ্ধান্ত ল’লে। এই উদ্দেশ্যে প্ৰথমে তেওঁ দীঘল, বেঁকা ডিঙিৰ এক ধৰণৰ আইনাৰ পাত্ৰ সাজি উলিয়ালে, যাতে তেনে আকাৰযুক্ত পাত্ৰবোৰৰ মুখখন খুলি ৰাখিলেও তাত বায়ু পোনপটীয়াকৈ সোমাব নোৱাৰে; বৰঞ্চ এক দীঘল, বেঁকা পথেৰেহে সোমাব পাৰিব। তাৰ পাছত তেওঁ তেনে পাত্ৰত অণুজীৱৰ বৃদ্ধিৰ বাবে প্ৰয়োজনীয় খাদ্যৰস ৰাখি তাক গৰম কৰি উতলাই ল’লে যাতে তাত থাকিব পৰা অণুজীৱবোৰ ধ্বংস হয়। পৰৱৰ্ত্তী সময়ত উপযুক্ত উষ্ণতাত পাত্ৰবোৰ ৰাখি কেইবামাহলৈকে তেওঁ নিৰীক্ষণ কৰিলে। তেওঁ যুক্তি দৰ্শালে যে বায়ুৰ সৈতে বাহিৰৰ পৰা সোমাব পৰা অণুজীৱবোৰ পাত্ৰৰ ভিতৰত ৰখা খাদ্যৰস গৈ পোৱাৰ আগেয়ে আইনাৰ পাত্ৰৰ ঠেক ডিঙিটোৰ বেৰত লাগি ধৰিব। গতিকে, যদিহে স্বতঃস্ফূৰ্ত স্ৰজনৰ ধাৰণাটো শুদ্ধ নহয়, তেন্তে খাদ্যৰসখিনিত কোনো অণুজীৱৰ সৃষ্টি নহ’ব। প্ৰকৃততে সেইটোৱেই হ’ল আৰু পাত্ৰৰ ভিতৰত ৰখা ৰসখিনি অনিৰ্দ্দিষ্ট কাললৈ জীৱাণুমুক্ত হৈ থাকিল। পৰৱৰ্ত্তী সময়ত পাষ্টুৰে পাত্ৰটো বেঁকা কৰি খাদ্যৰসখিনি তেওঁ ধাৰণা কৰা অনুসৰি বাহিৰৰ পৰা সোমোৱা অনুজীৱবোৰ গোট খাই থকা পাত্ৰৰ ঠেক ডিঙিটোলৈকে নিগৰাই দিলে। তেনে কৰাৰ পাছত দেখা গ’ল – ৰসখিনিত এইবাৰ অণুজীৱৰ অৱস্থিতি ধৰা পৰিছে। পাষ্টুৰে অতি পাৰদৰ্শিতাৰে অথচ সৰলভাৱে কৰা এই পৰীক্ষাৰ পাছত স্বতঃস্ফূৰ্ত স্ৰজন মতবাদটোযে শুদ্ধ নহয় সেই বিষয়ে কাৰো মনত সন্দেহৰ অৱকাশ নাথাকিল আৰু ইয়াক লৈ চলি অহা বিতৰ্কৰো চিৰদিনৰ বাবে অন্ত পৰিল।

No comments

Thanks....

Theme images by Galeries. Powered by Blogger.